Daily Time Axom

হিজাব পৰিধান নকৰাৰ বাবে ২০ গৰাকী ইৰাণী অভিনেত্ৰীক নিষেধাজ্ঞা

0 42

ইৰাণৰ সাংস্কৃতিক আৰু ইছলামিক গাইডেন্স মন্ত্ৰালয়ে ২০ গৰাকী অভিনেত্ৰীৰ নাম প্ৰকাশ কৰি কয় যে তেওঁলোকে হিজাব পৰিধান নকৰাকৈ বাহিৰলৈ ওলাই গৈ কাম কৰিব নোৱাৰে।
যোৱা মাহৰ শেষৰ ফালে এই তালিকা প্ৰকাশ পোৱাৰ পিছত সাংস্কৃতিক আৰু ইছলামিক গাইডেন্স মন্ত্ৰী মহম্মদ মেহদি ইছমাইলীয়ে কয় যে তেওঁলোকে বাধ্যতামূলক হিজাব আইন মানি নচলাৰ বাবে তেওঁলোকে কাম কৰাটো সম্ভৱ নহয়।
এই অভিনেত্ৰীসকলৰ ভিতৰত আছে আন্তঃৰাষ্ট্ৰীয় খ্যাত অভিনেত্ৰী তৰানে আলিদুস্তি। ২০১৬ চনত মুক্তি পোৱা ‘দ্য চেলছমেন’ ছবিখনত অভিনয় কৰি খ্যাতি অৰ্জন কৰিছিল।চিনেমাখনৰ পৰিচালক আছঘৰ ফাৰহাদীয়ে শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ অস্কাৰ বঁটা লাভ কৰিছিল।

Leave A Reply

Your email address will not be published.