দীপাৱলী উদযাপৰ পিছতেই দিল্লীত বায়ু প্ৰদূষণে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ফটকা, আতচবাজীৰ ধোঁৱাই দিল্লীৰ আকাশ বতাহ আৱৰি ধৰিছে। দেশৰ উচ্চতম ন্যায়ালয়ে ফটকা নিষিদ্ধ কৰাৰ পিছতো দিল্লীত দীপাৱলী উপলক্ষে অবাধ হাৰত ফটকা, আতচবাজী ফুটোৱা দেখিবলৈ পোৱা গ’ল, ফলত চহৰখন পুনৰ ভয়ংকৰ বায়ু প্ৰদূষণৰ কৱলত পৰিছে।aqicn.org নামৰ সংস্থাটোৰ তথ্য অনুসৰি, আজি পুৱাই দিল্লীৰ বহু ঠাইত এয়াৰ কোৱালিটী ইনডেক্স চমুকৈ AQI ৮০০ৰ ঘৰ অতিক্ৰম কৰিছে। আনন্দ বিহাৰ অঞ্চলত আজি পুৱা ৭ বজাত সংগ্ৰহ কৰা তথ্য মতে ৰিয়েল টাইম AQI ৮৪৯, পুছা এলেকাত AQI ৯৭০, প্ৰতাপগঞ্জত AQI ৭০০ অতিক্ৰম কৰিছে। আনহাতে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি আনন্দ বিহাৰত AQI ৩১২, পুছাত ৩০২, আই টি অ’ত ২৮২ আৰু জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ২৫৬ হৈছে।শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ লগতে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰে দিল্লীত ফটকাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয় তথা চৰকাৰৰ নিষেধাজ্ঞাক আওকাণ কৰি ব্যাপক হাৰত ফটকা ফুটোৱাৰ ফলত বায়ু প্ৰদূষণৰ মাত্ৰা বিপজ্জনক স্তৰলৈ গতি কৰিছে।