Daily Time Axom

অব্যাহত আছে উত্তৰাখণ্ডৰ ভাঙি পৰা সুৰংগত উদ্ধাৰ অভিযান

0 69

উত্তৰাখণ্ডৰ ভাঙি পৰা সুৰংগটোত উদ্ধাৰ অভিযানে ষষ্ঠ দিনত প্ৰৱেশ কৰিছে। ১২০ ঘণ্টাৰো অধিক সময় ধ্বংসাৱশেষত আবদ্ধ হৈ আছে ৪০ জন শ্ৰমিক। ৯০০ মিলিমিটাৰ বহল পাইপ মাটিৰ তলত ৬০ মিটাৰ খান্দিব লাগে বুলি জনা যায়। সেই পাইপটোৰে এজন এজনকৈ ওপৰলৈ আহিব আৱদ্ধ শ্ৰমিকসকল। জনা যায় যে দিল্লীৰ পৰা উচ্চমানৰ ড্ৰিলিং মেচিন আনি কাম আৰম্ভ হৈছিল। ২৫ মিটাৰ খান্দি মেচিনটোৱে মাটিৰ তলত এটা ধাতুৰ অংশত খুন্দা মাৰে।

আনহাতে সুৰংগটো খান্দিব বিচাৰিলে সেই ধাতুৰ অংশটোৰ ওপৰেৰে যাব লাগে। বিষয়াসকলে জনোৱা মতে, স্থানলৈ গেছ কাটাৰ অনাৰ প্ৰচেষ্টা অব্যাহত আছে। ফলত আপাততঃ ড্ৰিলিংৰ কাম বন্ধ হৈ পৰিছে। ইন্দোৰৰ পৰা আন এটা মেচিন সেই স্থানলৈ উৰা মাৰিছে। শনিবাৰে পুৱাৰে পৰা উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হ’ব দুয়োটা মেচিন। প্ৰসংগক্ৰমে ১২ নৱেম্বৰত উত্তৰাখণ্ডত সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনা। দীপাৱলীৰ পুৱা আন দিনৰ দৰে কাকভোৰত নিৰ্মাণাধীন সুৰংগটো ভোৰ হোৱাৰ আগতেই ভাঙি পৰে। উল্লেখ্য যে, বদ্ৰীনাথ, কেদাৰনাথ,গংগোত্ৰী আৰু যমুনোত্ৰীৰ সংযোগ বৃদ্ধিৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.