Daily Time Axom

তিনিখন ৰাজ্যত গেৰুৱা ৰঙৰ ধুমুহা, উৎসৱমুখৰ আমেজত এতিয়া বিজেপি কৰ্মী-সমৰ্থক

0 46

কংগ্ৰেছ আৰু বিজেপিৰ মাজত অনুষ্ঠিত হোৱা ছেমি ফাইনেলত গেৰুৱা শিবিৰ আগবাঢ়িল। গণনা আৰম্ভ হোৱাৰ তিনি ঘণ্টাৰ পাছত তিনিখন ৰাজ্যত ধুমুহাৰ ইংগিত পোৱা গৈছে। ২৪ সংখ্যক লোকসভা নিৰ্বাচনৰ পূৰ্বে, যিটো ভাৰতৰ মিত্ৰজোঁটৰ বাবে এক ডাঙৰ আঘাত। সূত্ৰ অনুসৰি আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীস্থিত বিজেপিৰ কাৰ্যালয়ত উপস্থিত হ’ব।
পৰিসংখ্যা অনুসৰি ৰাজস্থানত এতিয়ালৈকে ১১৭খন আসনত বিজেপি, ৬৬খন আসনত কংগ্ৰেছ আগবাঢ়ি আছে। চৰ্দাৰপুৰাৰ আসনত আগবাঢ়ি আছে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী অশোক গেহলট। টংকত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী শচীন পাইলট। কিন্তু ইয়াৰ পিছতো পৰিৱৰ্তনৰ লক্ষণসমূহ স্পষ্ট। কেইঘণ্টামানৰ ভিতৰতে গণনা ঘোষণা হোৱাৰ পিছতে ৰাজস্থানত বিজেপি কৰ্মী আৰু সমৰ্থকে উদযাপন কৰিবলৈ আৰম্ভ কৰে। ৰাজপথত ঢোল বজাই উদযাপন কৰিছে বিজেপিৰ সমৰ্থকসকলে।
আনহাতে, মধ্যপ্ৰদেশৰ ১৩৭খন আসনত আগবাঢ়ি আছে বিজেপি। কংগ্ৰেছে ৯১খন আসনত আগবাঢ়ি আছে। এই ৰাজ্যতো বিজেপি ডাঙৰ ব্যৱধানত আগবাঢ়ি আছে। উৎসৱমুখৰ আমেজত এতিয়া বিজেপি কৰ্মী, সমৰ্থক।
ছত্তীশগড়তো এই কাজিয়া চলি আছে। ৫০খন আসনত বিজেপি, ৩৮খন আসনত কংগ্ৰেছ আগবাঢ়ি আছে।
তেলেংগানাৰ ৬৬খন আসনত কংগ্ৰেছ, ৪২খন আসনত বি আৰ এছ আগবাঢ়ি আছে। এই ৰাজ্যত প্ৰথমবাৰৰ বাবে কংগ্ৰেছে ক্ষমতা দখল কৰিবলৈ ওলাইছে।

Leave A Reply

Your email address will not be published.