আগন্তুক লোক সভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ পিছ পৰি থকা নাই ইউ পি পি এল দল ।
আজি দিনজোৰা কাৰ্য্য সূচীৰে বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত মংগলাঝোৰা কমিনিউটি হলত ইউ পি পি এল দলৰ পৰ্বতঝোৰা জিলা কমিটিৰ উদ্যোগত Block Level Workers Training কাৰ্য্যসূচী অনুষ্ঠিত হয়।
আজিৰ প্ৰশিক্ষণ কাৰ্য্য সূচীত পৰ্বতঝোৰা জিলা কমিটিৰ সভাপতি প্ৰসেন কুমাৰ ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে বিটিআৰৰ বন বিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী,বি কে কাৰ্জী,ৰবিৰাম বড়ো,মেডিয়া চেলৰ শান্তি গিৰি নাৰ্জাৰী, জিলা কমিটিৰ সাধাৰণ সম্পাদক ছেলিম আহমেদ খান, ভিচিডিছিৰ সভাপতি/ সম্পাদক, বিভিন্ন পৰ্য্যায়ৰ নেতা কৰ্মীকে আদি কৰি পাচ শতাধিক ইউ পি পি এল দলৰ নেতা কৰ্মীয়ে প্ৰশিক্ষণ কাৰ্য্য সূচীত অংশ গ্ৰহণ কৰি প্ৰশিক্ষণ লোৱা পৰিলক্ষিত হয়।