Daily Time Axom

কেৰালাত নৃশংস নৰখাদক বাঘ হত্যাৰ নিৰ্দেশ

0 48

কেৰেলাৰ গাঁৱত নৰখাদকৰ নৃশংসকাণ্ড । এই নৃশংস বাঘটোক ততাতৈয়াকৈ হত্যা কৰিবলৈ বন বিভাগক নিৰ্দেশ দিয়া হৈছে। কেৰেলাৰ বনমন্ত্ৰী এ কে ছাচেন্দ্ৰনে কয় যে কিছুদিন পূৰ্বে বাঘটোৱে ৱায়ানাডত এজন লোকক হত্যা কৰিছিল। ইতিমধ্যে বন বিভাগে বাঘটোক চিনাক্ত কৰিছে। ১৩ বছৰীয়া বাঘটোক অতি শীঘ্ৰে হত্যা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উদ্ধাৰ হোৱা ব্যক্তিজনৰ মৃতদেহত বিভিন্ন বাঘৰ চিন আছে। স্থানীয় বাসিন্দাসকলেও এই মানুহ খোৱা বাঘটোক হত্যা কৰিবলৈ প্ৰশাসনৰ কাষ চাপিছিল। ইতিমধ্যে ২৫টা কেমেৰা স্থাপন কৰা হৈছে। বাঘৰ পিঞ্জৰাটোও এৰি দিয়া হৈছে। এই কামত পাঁচটা দল জড়িত হৈ আছে। কেৰালা উচ্চ ন্যায়ালয়েও বাঘ হত্যা সন্দৰ্ভত এক নিৰ্দেশ লাভ কৰিছে। যদিও বৰ্তমান বাঘ হত্যা নিষিদ্ধ, এই নৃশংস বাঘক হত্যা নকৰিলে আৰু বিপদ আহিব বুলি সকলোৱে ভাবে।

Leave A Reply

Your email address will not be published.