Daily Time Axom

দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালাৰ ধমক

0 51

দুলীয়াজানৰ কছাৰী পথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৱন নিৰ্মাণৰ নামত ঠিকাদাৰৰ লুণ্ঠনৰাজ। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত চিকিৎসালয়ত উপস্থিত বিধায়ক তেৰচ গোৱালা। বিধায়ক তেৰচ গোৱালাই মবাইলত ঠিকাদাৰ গুৱাহাটীৰ অশোক জালানক ধমকি দিয়াৰ লগতে বিভাগীয় অভিযন্তাক দুৰ্নীতি বন্ধ কৰিবলৈ ধমকি দিয়ে । উল্লেখযোগ্য যে দুলীয়াজানৰ কছাৰী পথাৰ প্ৰাথমিক স্বাস্থ্যত প্ৰসুতিৰ বাবে ছয়খন বিচনাযুক্ত কোঠা নিৰ্মাণ বাবে প্ৰায় ১২ লাখ টকা আৱণ্টন হৈছিল । কিন্তু ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তা আৰু বিষয়া-কৰ্মচাৰীয়ে নিৰ্মাণ কাৰ্যত নিম্নমান দণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি চৰকাৰী আৱণ্টিত ধনৰ সিংহভাগ আত্মসাৎ কৰাৰ অভিসন্ধি কৰিছিল । বিধায়ক তেৰচ গোৱালাৰ হুংকাৰ নিৰ্মাণ কাৰ্য ভালদৰে নকৰিলেও ঠিকাদাৰক কাম কৰিবলৈ দিয়া নহ’ব । লগে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীৰ অৱগত কৰিব বুলিও জানিবলৈ দিয়ে বিধায়ক তেৰচ গোৱালাই।

Leave A Reply

Your email address will not be published.