নাজিৰা সীমান্তৱৰ্তী গেলেকীকে ধৰি বিভিন্ন প্ৰান্তত হোৱা ধুমুহা আৰু প্ৰচণ্ড শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত পৰিয়ালক সাক্ষাত বিজেপি জিলা সভাপতিৰ
ক্ষতিগ্ৰস্ত পৰিয়ালক সকলো প্ৰকাৰৰ চৰকাৰী সাহায্য প্ৰদানৰ আশ্বাস
নাজিৰা সীমান্তৱৰ্তী গেলেকীকে ধৰি ইয়াৰ উপকণ্ঠ বিভিন্ন প্ৰান্তত হোৱা ধুমুহা আৰু প্ৰচণ্ড শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত হোৱা সকলো লোকৰ বিষয়ে মূখ্যমন্ত্ৰীক অৱগত কৰা বুলি জানিব দিয়ে ময়ুৰ বৰগোহাঁইয়ে | বিজেপি শিৱসাগৰ জিলা সভাপতি গৰাকীয়ে ক্ষতি হোৱা সকলো তথ্য জমা দিয়াৰ দুই তিনিদিনৰ ভিতৰতে চৰকাৰী সাহায্য প্ৰদানৰ আশ্বাস দিয়ে দৃহসাৰা পৰিয়াল সমূহক | লগতে ক্ষতিগ্ৰস্তৰ কোনটো শিতানত কিমানকৈ চৰকাৰী সাহায্য পাব সেই বিষয়ে ৰাইজক জানিব দিয়ে নেতা গৰাকীয়ে |