কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত বিধায়ক শশী কান্ত দাস
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কচুৱা,মাধৱপাৰা আৰু গেৰজাইপাম গাঁও পঞ্চায়তৰ বিকশিত ভাৰত সংকল্প যাত্ৰা অনুস্থিত হয়। কালিৰ দিনটোত অনুস্থিত হোৱা বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত উপস্থিত থাকে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস। বিধায়ক শশীকান্ত দাসৰ লগত উপস্থিত থাকে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ, কৃষি বিভাগ , স্বাস্থ্য বিভাগ,উদ্যাগ বিভাগ আদি কৰি বিভিন্ন বিভাগৰ লগতে কঠিয়াতলী উন্নয়ন খণ্ডৰ অভিযন্তা বিষয়াগৰাকীয়ে। ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে কেবাটাও পঞ্চায়তৰ বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত উপস্থিত হৈ চৰকাৰৰ বিভিন্ন বিভাগৰ আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে। মাধৱপাৰা, গেৰজাইপাম আৰু কচুৱা পঞ্চায়তৰ সভাপতি সকলে সভাপতিত্ব কৰা সভা কেইখনত আত ধৰে পঞ্চায়ত কেইখনৰ সচিব সকলে।।