কলিয়াবৰৰ কুঠৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কাৱৈমাৰি গাঁৱৰ ৰাইজে শ্ৰম দান কৰি মেৰামতি কৰিলে পথ ।
কাৱৈমাৰি গাঁৱৰ ৰাইজে এই পথটোৰ বাবে দীৰ্ঘ দিনৰে পৰা যাতায়তৰ নামত ভুগিব লগা হৈছিল যমৰ যাতনা।
পথটো মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তুলিবৰ বাবে ৰাইজে জন প্ৰতিনিধিক আবেদন জনাইছিল যদিও কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ ৰাইজৰ।
অৱশেষত চৰকাৰলৈ বাদ নাচায় কাৱৈমাৰি গাঁৱৰ পুৰুষ মহিলা একত্ৰিত ভাবে কৰিলে শ্ৰমদান ।
মেৰামতি কৰিলে জৰাজীৰ্ণ পথ ।
পথটোৰ দুৰৱস্থাৰ বাবে গাঁওখনলৈ যাব নোৱাৰে এম্বুলেঞ্চ। ফলত অসুস্থ ৰোগীক ঠেলাৰ জৰিয়তে নিব লাগে চিকিৎসালয়লৈ ।
কাৱৈমাৰি গাঁৱৰ ৰাইজে চৰকাৰলৈ অনুৰোধ জনাইছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাৱৈমাৰি গাওঁ সংযোগী পথটো পুনৰ নিৰ্মাণ কৰি ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়তৰ সমস্যা দূৰ কৰিবৰ বাবে ।