Daily Time Axom

শিৱসাগৰৰ আমগুৰি সমষ্টিত অখিল গগৈৰ আজি জনজাগৰণ যাত্ৰাৰ অন্তিম দিন

0 47

আবাল বৃদ্ধ বনিতাই বিপুল আদৰণি জনালে হাতীঘূলি পঞ্চায়তত।

শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে “ৰাইজৰ মাজলৈ ৰাইজৰ দল” নামাকৰণেৰে আৰম্ভ কৰা জনজাগৰণ যাত্ৰাত আজি আমগুৰি সমষ্টিৰ অন্তিম দিনা হাতীঘূলি পঞ্চায়তত বিভিন্ন বাট পথ , মৈদাম আৰু পানীযোগান আঁচনি পৰিদৰ্শন কৰে।

জনপ্ৰিয় নেতাজনে বিভিন্ন জেষ্ঠ ব্যক্তিৰপৰা আৰ্শীবাদ গ্ৰহণ কৰাৰ লগতে মত বিনিময় কৰে।

নেতাজনক চাবৰ বাবে ৰাস্তাত মানুহ ৰৈ থকাৰ লগতে একপি চেলফি তুলিবৰ বাবে সৰুৰপৰা ডাঙৰলৈকে হেতাওপৰা লগায়।

আমগুৰি সমষ্টিৰ হাতীঘূলিত এই জনজাগৰণ যাত্ৰাই আজি বিশেষ তাৎপৰ্য বহন কৰিছে।

Leave A Reply

Your email address will not be published.