Daily Time Axom

শিৱসাগৰ নগৰৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান টেম্পল টাওন ইউৰো স্কুলত বাৰ্ষিক দিৱস আৰু প্ৰি-খ্ৰীষ্টমাছ উদযাপন

0 45

শিৱসাগৰ নগৰৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান টেম্পল টাওন ইউৰো স্কুলত কালি বৰ্ণাধ্য কাৰ্যসূচীৰে বাৰ্ষিক দিৱস আৰু প্ৰি-খ্ৰীষ্টমাছ উদযাপন কৰা হয় । বিয়লি ৪.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা বিদ্যালয় খনৰ বাৰ্ষিক দিৱস কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষাবিদ ব্ৰজেন বৰা ।

বিদ্যালয়ৰ পৰিচালন সঞ্চালক লীলা গগৈয়ে বিদ্যালয়ৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন কাৰ্যসূচী প্ৰদৰ্শন কৰা হয় । ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত গীত নৃত্য অভিনয়ৰ লগতে আলোকসজ্জা আৰু কাৰিকৰী কৌশলে আপ্লুত কৰে উপস্থিত দৰ্শকসকলক ।

উল্লেখ্য যে, এই অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কাকলি দাসে টেম্পল টাউন ইউৰ স্কুলৰ সমূহ শিক্ষক-অভিভাৱক-কৰ্মচাৰীক ধন্যবাদ জনায়।

Leave A Reply

Your email address will not be published.