Daily Time Axom

ঘগ্ৰাপাৰত গাঁওৰক্ষী বাহিনীৰ উদ্যোগত সজাগতামুলক যাত্রা

0 41

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত পৈচাৰা কঞাকুছি বাঘমাৰা গাঁওৰক্ষী বাহিনী চমুকৈ VDP ৰ উদ্যোগত আজি এক
সজাগতামুলক যাত্রা কাৰ্যসূচী ৰূপায়ন কৰা হয়।উক্ত ৰেলীৰ উদ্বোধন কৰে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ সভাপতি ভ্ৰমৰ মজুমদাৰে।সজাগতামুলক ৰেলীটো উদ্বোধন কৰি মাদক দ্ৰব‍্য সেৱন কৰি কোনো ব‍্যক্তিয়ে যাতে যান-বাহন নচলাই তাৰ বাবে আহ্বান জনায়।পুৱা ১১-৩০ মান বজাত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ পৰা সমাজকৰ্মী তথা ক’ভিড যোদ্ধা হিছাপে পৰিচিত তথা উক্ত গাওঁৰক্ষী বাহিনীৰ সম্পাদক নাচিকুৰ ৰহমানৰ তত্বাৱধানত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ সহযোগত এক সজাগতামুলক যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰা হয়।

উক্ত যাত্ৰাত অংশগ্ৰহণ কাৰীসকলে দুচকীয়া বাহন চলাওঁতে চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰক,দ্রুতগতিত গাড়ী নচলাব, মদ্যপান কৰি গাড়ী নচলাব,নিজেও থাকক আৰু আনকো জীয়াই থাকিবলৈ দিয়ক আদি শ্ল’গানেৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে।

উক্ত যাত্ৰাত উপস্থিত থাকে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মদন ডেকাসহিতে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ আৰক্ষী, কনিষ্ঠবলকে ধৰি গাঁওৰক্ষী বাহিনীৰ সভাপতি, সম্পাদক, গাওঁৰক্ষী বাহিনীৰ ভালেকেইগৰাকী সদস্য আৰু স্থানীয় ৰাইজে উপস্থিত হৈ উক্ত কাৰ্যসূচী সফলভাৱে ৰূপায়ন কৰে।

Leave A Reply

Your email address will not be published.