Daily Time Axom

সঘনাই প্ৰস্ৰাৱৰ সমস্যা? কি কি খাদ্য আৰু পানীয় পৰিহাৰ কৰিব!

0 54

কোনবোৰ খাদ্য হৃদৰোগ, কলেষ্টেৰল, ডায়েবেটিছ আদিৰ বাবে উপকাৰী নহয় সেই বিষয়ে প্ৰায় সকলোৱেই জানে। কিন্তু প্ৰস্ৰাৱৰ মূত্ৰাশয়ৰ সমস্যাৰ ক্ষেত্ৰত খাদ্যৰ গুৰুত্ব কি? সেই বিষয়ে পুষ্টিবিদসকলে কি কয়?
প্ৰস্ৰাৱৰ সংক্ৰমণ বা সঘনাই প্ৰস্ৰাৱ নকৰালৈকে এইবোৰ সাধাৰণতে চিন্তা কৰা নহয়। থেৰাপিষ্টৰ মতে, কিছুমান বিশেষ খাদ্য আৰু পানীয়ই মূত্ৰাশয়ৰ বিষ বা লক্ষণসমূহ আৰু বেছিকৈ বৃদ্ধি কৰিব পাৰে। বহুতে প্ৰস্ৰাৱ যথেষ্ট সময় ধৰি ৰাখিব নোৱাৰে। ভ্ৰমণৰ সময়ত, বা কোনো অনুষ্ঠানলৈ যোৱাৰ সময়ত ই এটা ডাঙৰ সমস্যা হৈ পৰে। কি কি খাদ্য পৰিহাৰ কৰিব লাগে?

কফি – কেফেইনে অতিৰিক্ত প্ৰস্ৰাৱ উৎপন্ন কৰাত সহায় কৰে। যিয়ে আপোনাৰ অস্বস্তিৰ সৃষ্টি কৰিব পাৰে।

ছাইট্ৰাছ খাদ্য – এচিডিক খাদ্য আপোনাৰ মূত্ৰাশয়ৰ সমস্যাৰ প্ৰধান কাৰণ। ছাইট্ৰাছ ফল শৰীৰৰ বাবে উপকাৰী। কিন্তু যদি আপোনাৰ মূত্ৰাশয়ৰ সমস্যা আছে তেন্তে খাদ্যৰ পৰা নেমু পৰিহাৰ কৰক।

টমেটো – খাদ্যৰ সৈতে টমেটো চচ খোৱা, বা চালাডত কেঁচা টমেটো খোৱাটোৱেও মূত্ৰাশয়ৰ সমস্যা আৰু অধিক বৃদ্ধি কৰিব পাৰে।

প্ৰচেছড মাংস – হটডগ, চচ্চেজৰ দৰে? তেতিয়া নিজৰ ইচ্ছাক নিয়ন্ত্ৰণ কৰক। মূত্ৰাশয়ৰ সমস্যাৰ বাবে ইহঁত অতি বেয়া।
লগতে টেঙা খাদ্য, চোডা পানীয় আৰু ধঁপাত পৰিহাৰ কৰিব লাগে। ইয়াৰ পৰিৱৰ্তে অধিক পানী খাব লাগে। শৰীৰৰ যত্ন লওক।

Leave A Reply

Your email address will not be published.