Daily Time Axom

ভাৰত-ৰাছিয়াই যৌথভাৱে সামৰিক সঁজুলি নিৰ্মাণ কৰিব

0 40

ভাৰত আৰু ৰাছিয়াই যৌথভাৱে সামৰিক সঁজুলি নিৰ্মাণ কৰিব। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে কয় যে এই পদক্ষেপত ইতিমধ্যে অগ্ৰগতি লাভ কৰা হৈছে। মস্কোত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে হোৱা বৈঠকৰ অন্তত তেওঁ এই মন্তব্য কৰে। বুধবাৰে ৰাছিয়াৰ ৰাজধানী মস্কোত অনুষ্ঠিত হয় এই বৈঠক। বৈঠকৰ অন্তত এখন সংবাদমেলত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে এনে সহযোগিতা দুয়োখন দেশৰ স্বাৰ্থৰ স্বাভাৱিক কৌশলৰ অংশ। ই ইউৰেছিয়ান অঞ্চলৰ নিৰাপত্তা নিশ্চিত কৰাত সহায় কৰিব। লাভৰভে লগতে কয় যে ভাৰতে সামৰিক সঁজুলিৰ যোগানৰ বৈচিত্ৰ্যতা বৃদ্ধিৰ ধাৰণাক ৰাছিয়াই সন্মান কৰে। ভাৰতৰ বাবে উপযোগী সা-সঁজুলি প্ৰস্তুত কৰাত নতুন দিল্লীক সহায় কৰিবলৈ সাজু মস্কো। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে কয় যে লাভৰভৰ সৈতে হোৱা বৈঠকত ইউক্ৰেইন আৰু গাজাৰ সংঘাতৰ বিষয়ে আলোচনা কৰা হৈছিল। তদুপৰি দুয়োজন লোকৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ বিষয়েও আলোচনা কৰা হৈছিল।প্ৰসংগক্ৰমে ২০২২ চনত ইউক্ৰেইনত ৰাছিয়াৰ কাৰ্য্যকলাপৰ বাবে পশ্চিমীয়া দেশসমূহে ইটোৰ পিছত সিটোকৈ ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছিল।তেতিয়াৰ পৰা ভাৰত ৰাছিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ অৰ্থনৈতিক অংশীদাৰ দেশ হিচাপে পৰিগণিত হৈছে।

Leave A Reply

Your email address will not be published.