Daily Time Axom

‘কানেক্ট ফাইভ’ৰ সংক্ৰান্তি মেলা আৰম্ভ

0 46

আগন্তুক হেপাঁহৰ ভোগালী বিহু, পোংগল, উত্তৰায়ণ,লোহৰী উপলক্ষে ৯ আৰু ১০ জানুৱাৰীত ’কানেক্ট ৫’ ৰ সৌজন্যত গুৱাহাটী মহানগৰীৰ জোনালীস্থিত দুৰ্গা মন্দিৰৰ (সনাতন ধৰ্ম সভা) প্ৰাঙ্গণত দুদিনীয়া কায্যসূচীৰে এখনি ’সংক্ৰান্তি মেলা’ৰ আয়োজন কৰা হৈছে৷ মহিলাৰ সৱলীকৰণৰ অৰ্থে ক্ষুদ্ৰ উদ্যোগৰ যোগেদি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শী উদ্যমী মহিলা সকলৰ
স্ব – দক্ষতাৰে নিৰ্মিত বিবিধ হস্ত শিল্পৰ সামগ্ৰী আৰু খাদ্যৰ বিক্ৰী তথা প্ৰদৰ্শনীৰ উদ্দেশ্যে এই সংক্ৰান্তি মেলাৰ আয়োজন কৰা হৈছে৷
উক্ত প্ৰদৰ্শনী ৯ জানুৱাৰী তাৰিখে পুৱা ১০ বজাত ’অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প’ৰ বিত্তীয় সেৱা বিশেষজ্ঞ নিতিন সিঙে মুকলি কৰে৷ প্ৰদৰ্শনী আৰু মেলাখনৰ এই মুকলি অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক-লেখিকা দৰ্শনা বৰুৱা৷

আনহাতে প্ৰদৰ্শনীখনত ভিন্ন সময়ত আমন্ত্ৰিত অতিথি হিচাপে বিগ এফ.এমৰ জনপ্ৰিয় আৰ.জে সুজিতা, আৰ.জে আলিয়া , মহিলানেত্ৰী মিনাক্ষী দেৱী উপস্থিত থাকে৷ ইয়াৰ লগতে বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত অন্যান্য আমন্ত্ৰিত ব্যক্তি সকল ক্ৰমে কিৰণ বড়ো, ববী পাটগিৰি, স্তুতি হাজৰিকা, মিনাক্ষী শ্যাম,কবিতা বৰা, কাকলি হাজৰিকা,মৃদুল বৰুৱা আদিকে কৰি বিভিন্ন ব্যক্তিৰ উপস্থিতিয়ে জীপাল কৰি তুলিছে সংক্ৰান্তি মেলাখন৷
আগন্তুক ভোগালী বিহু তথা অন্যান্য ভাৰতীয় উৎসৱৰ লগত সংগতি ৰাখি আয়োজিত প্ৰদৰ্শনী খনত উপলব্ধ হৈছে
বিবিধ ধৰণৰ সাজ-পোচাক, গহণা, বিবিধ ধৰণৰ হস্ত নিৰ্মিত সামগ্ৰী তথা ভিন্ন সোৱাদৰ খাদ্য সম্ভাৰ৷
আজি প্ৰথমদিনাই এই মেলাখনত পৰিলক্ষিত হয় ক্ৰেতা গ্ৰাহক-ৰাইজৰ বিপুল সঁহাৰি৷
প্ৰদৰ্শনীৰ দুয়ো দিন ৰাইজৰ উপস্থিতিৰে প্ৰদৰ্শনী খন সফল কৰাৰ আহ্বান জনালে উদ্যোক্তা কানেক্ট ফাইভৰ সদস্যা সকলে।

Leave A Reply

Your email address will not be published.