Daily Time Axom

কামৰূপ জিলাৰ বিহদিয়া স্থিত আদৰ্শ জাতীয় বিদ্যালয়ৰ উনত্ৰিংশতম প্ৰতিষ্ঠা দিৱস উদযাপন

0 50

বাইহাটা চাৰিআলিৰ আগশাৰীৰ ব্যক্তিগত বিদ্যালয় বিহদিয়া আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় গীতে-মাতে আদৰ্শ অনুষ্ঠানটিৰ।

ৰাতিপুৱাই পতাকা উত্তোলন,স্মৃতিতৰ্পন,বৃক্ষৰূপন আদিৰে অনুষ্ঠিত কৰা অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলোলৈ এটি বঁটা ও প্ৰদান কৰা হয়।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠানৰ অনুষ্ঠিত কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বিকাশৰ লগতে বৈদ্ধিক ,সাংস্কৃতিক দিশৰ উত্তৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি গীতে-মাতে আদৰ্শ অনুষ্ঠানটি অনুষ্ঠিত কৰে।
উক্ত অনুষ্ঠানটিত বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয়।

প্ৰতিষ্ঠা দিৱস এই অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক-অভিভাৱকসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.