Daily Time Axom

ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বলিষ্ঠ পদক্ষেপ

0 37

নিজৰ একাগ্ৰতা আৰু কৰ্মস্পৃহা থাকিলে কাৰ্যালয়ো নিজা ঘৰখনৰ দৰেই সজাই পৰাই তোলা সম্ভৱ। এইয়া প্ৰমাণ কৰি দেখুৱালে ৰূপহীহাট আৰক্ষী থানাৰ এজন বিষয়াই। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুলাৰাম তেৰাঙৰ নেতৃত্বত থানাখনো এতিয়া হৈ পৰিছে ধুনীয়া। ৰূপহীহাট আৰক্ষী থানাত বহুত বিষয়া আহিল আৰু গ’ল কিন্তু বৰ্তমানৰ বিষয়া বুলাৰাম তেৰাঙৰ দৰে কোনেও গুৰুত্ব সহকাৰে থানাখনৰ সমস্যাৰ বিষয়ে চিন্তা চৰ্চা কৰা পৰিলক্ষিত নহ’ল। সেয়ে বিষয়া গৰাকীৰ বিষয়ে একে মুখে শলাগ লৈছে ৰূপহীহাটৰ যুৱ সমাজে। নিজৰ ব্যক্তিগত মুনাফা আৰু লাভালাভৰ চিন্তা নকৰি বিভিন্ন উপায় অৱলম্বন কৰি এই গৰাকী দক্ষ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে থানা খনৰ মূল প্ৰৱেশদ্বাৰৰ বাট পথৰ সমস্যা, থানাৰ চাৰি বেৰৰ সমস্যা, জাবৰ জোথৰ পেলোৱা ডাছবিনৰ সমস্যা, গাড়ী ৰখা ঘৰৰ সমস্যা ইত্যাদিৰ লগতে থানা খনৰ অন্তৰ্গত এলেকাদিনত হৈ থকা বিভিন্ন সমস্যাবোৰ অতি কম দিনত সমাধান কৰিবলৈ সক্ষম হ’ল। বিষয়া গৰাকীৰ নেতৃত্বত থানাখনৰ চৌহদত বনোৱা এখনি ফুলনি বাগিচাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.