Daily Time Axom

দক্ষিণ শালমাৰাত অব্যাহত আছে ৰাজহ আদালত

0 41

দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত দক্ষিণ শালমাৰাৰ বিভিন্ন ঠাইত চলিছে ৰাজহ আদালত।
ৰাজহ সংগ্ৰহ,মাটি-বাড়ীৰ কাম-কাজ,মাটি মালিকনাৰ নামৰ ভুল সংশোধনী,মাটিৰ বাটোৱাৰা আদি নানা ধৰনৰ কামেৰে চলিছে ৰাজহ আদালত।

দক্ষিণ শালমাৰা ৰাজহ চক্ৰত চক্ৰ বিষয়া বলেন বাবা বালাৰীৰ নেতৃত্বত যোৱা ৫ফেব্ৰুৱাৰীৰ পৰা ৰাজহ আদালতৰ কাৰ্য্য আৰম্ভ হৈছে যদিও চক্ৰটোৰ অন্তৰ্গত বিভিন্ন অঞ্চল ক্ৰমে খোপাতী বজাৰ,পাটাকাটা, টুমনী বজাৰ, বালাডুবা, আদি কৰি মুঠ দহখন অঞ্চলত আগন্তুক ১৫ফেব্ৰুৱাৰীলৈকে ৰাজহ আদালতৰ কাৰ্য্য চলি থাকিব ৷

দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়া বালাৰীয়ে বালাডুবাত চলি থকা ৰাজহ আদালতত উপস্থিত থাকি জানিব দিয়ে যে এতিয়া লৈকে মাথন চাৰিখন অঞ্চলত ৰাজহ আদাত হৈ গল আৰু উক্ত চাৰিখন আদালততে বুজন পৰিমানৰ ৰাজহ আদায় হয় আৰু বহুতো মানুহৰ মাটি বাড়ীৰ কাম-কাজ ,মাটিৰ বাটোৱাৰা আদি কৰি বিভিন্ন দিহা পৰামৰ্শৰ কাৰ্য্য সম্পূৰ্ণ কৰিব পৰা হৈছে আৰু আগন্তুক ছয়খন ৰাজহ আদালততো ভালে পৰিমানৰ ৰাজহ আদায় আৰু বহুতো মানুহৰ মাটি-বাড়ীৰ কাম কাজ ,মাটিৰ বাটোৱাৰা আদি কৰি বিভিন্ন কাম তথা দিহা পৰামৰ্শ দিবলৈ সক্ষম হব বুলি আশা পোষণ কৰে৷

Leave A Reply

Your email address will not be published.