Daily Time Axom

নামতিত অনুষ্ঠিত দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সামৰণি

0 29

নামতি চাৰিআলি গণক আদৰ্শ গাঁ‌ৱৰ যুৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বৰুৱা পুখুৰী হাইস্কুল খেলপথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ চুড়ান্ত খেলখনি দেওবাৰে নিশা অনুষ্ঠিত হয় | চুড়ান্ত খেল খনৰ শুভ উদ্বোধক হিচাপে উপস্থিত থাকে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ | চুড়ান্ত খেল খন চানবিৰ একদশ বনাম এচ.জি একাদশৰ মাজত অনুষ্ঠিত হয় | এচ.জি একাদশে বিজয়ীৰ খিতাপ অৰ্জন কৰে | জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশে গীত পৰিবেশন কৰাৰ লগতে চুড়ান্ত খেল শুভ উদ্বোধন কৰে | সেইদৰে অনুষ্ঠানত উদীয়মান কণ্ঠ শিল্পী ধনটি দাসে গীত পৰিবেশন কৰে | বিশিষ্ট অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক উৎপল বৰা, ইমদাদ আলী, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ পপী হাজৰিকা, ক্ৰীড়া সংগঠক মুজিদ আলীকে ধৰি বহুগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে |

Leave A Reply

Your email address will not be published.