Daily Time Axom

কচুৱাৰ শিমলুগুৰিত চাঞ্চল্যকৰ ঘটনা,নিচা জাতীয় দ্ৰব্য খোৱাই চুৰিকাণ্ড দুৰ্বৃত্তৰ

0 24

নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত শিমলুগুৰিত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। নিশা খাদ্যত নিচা জাতীয় সামগ্ৰী খোৱাই অচেতন কৰি চুৰিকাণ্ড সংগঠিত কৰে কোনো দুষ্ট চক্ৰই । গাঁওখনৰ নুৰ জামাল হকৰ ঘৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। খাদ্যত নিচা জাতীয় সামগ্ৰী খোৱাই প্ৰথমে অচেতন আৰু তাৰ পিছত চুৰিকাণ্ড সংঘটিত কৰে।

নিচা জাতীয় সামগ্ৰী খাই একে পৰিয়ালৰ নুৰ জামাল হক, জুচনাৰা বেগম, আমিনা খাতুন নামৰ তিনিগৰাকী আহত হয়। আহত লোককেইজনক পুৱাই কচুৱা মডেল হস্পিতাললৈ চিকিৎসাৰ বাবে প্রেৰণ কৰা হৈছে। আনহাতে অচেতন কৰি দুষ্ট চক্ৰই নগদ ধন সহ আ-অলংকাৰ লুটি নিয়া বুলি মন্তব্য কৰিছে।

কামপুৰৰ পৰা গুলজাৰ হুছেইন

Leave A Reply

Your email address will not be published.