Daily Time Axom

কামৰূপ জিলা উকিল সন্থাৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

0 34

গীত – নৃত্যৰ জীপাল এখন আদালতৰ চৌহদ।
ক’লা কোটৰ আঁৰত সাংস্কৃতিক প্ৰতিভাৰ আকৰ।
অধিবক্তা সকলে কেৱল কেৱল ন্যায়িক কাম-কাজৰ মাজতে ব্যস্ত নাথাকি চৰ্চা অব্যাহত ৰাখিছে সাহিত্য-সংস্কৃতিক ধাৰা।
কামৰূপ জিলা সত্ৰ ন্যায়ধিশৰ আদালতত দুপৰ নিশালৈ চলিল সাংস্কৃতিক অনুষ্ঠান।
কোনোৱে যদি গাইছে, কোনোৱে আকৌ নাচিছে ।
কোনোবাই আকৌ সতীৰ্থ অধিবক্তাৰ প্ৰতিভা দেখি হ’ল অভিভূত । এনেদৰেই উদযাপন হ’ল কামৰূপ জিলা উকিল সন্থাৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস।
ভাষা-সাহিত্যলৈ অৱদান স্বৰূপে উদীয়মান অধিবক্তা টিঙ্কুমনি দাসৰ সম্পাদনাত প্ৰকাশ পালে এখন প্ৰাচীৰ প্ৰত্ৰিকাও।
কামৰূপ জিলা উকিল সন্থাৰ এই বিশেষ দিনটোত জ্যেষ্ঠ-কণিষ্ঠ সকলোৱে প্ৰকাশ কৰিলে সাংস্কৃতিক প্ৰতিভা ।

– পঙ্কজ নাথৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.