এইবাৰ নগাঁও লোকসভাত মিঞা সাংসদ বিজয়ী হ’ব-জুৰীয়াৰ উদমাৰিত এক নিৰ্বাচনী সভাত বদৰুদ্দিন আজমলৰ মন্তব্য।
জুৰীয়াৰ উদমাৰিত নিশা অনুষ্ঠিত AIUDFৰ এক বিশাল নিৰ্বাচনী সভাত দলৰ ছিফ তথা ধুবৰীৰ সাংসদ বদৰুদ্দিন আজমল উপস্থিত থাকি নগাঁও লোকসভাৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ এক নিৰ্বাচনী সভাত ভাগ লয়।
সাংবাদিকৰ আগত তেওঁ কয় কংগ্ৰেছ দলে এই আসনখনত পৰাজয়ৰ আশংকাত প্ৰাৰ্থী নিৰ্বাচিত কৰিব পৰা নাই। আনহাতে এই বয়সত জেললৈ যাব নোৱাৰো, মই জৰা-ফুকা বাদ দিছো বুলিও উল্লেখ কৰে AIUDFৰ শীৰ্ষ নেতা গৰাকীয়ে। লগতে এইবাৰ নগাঁও আসনৰ পৰা মিঞাৰ সাংসদ বিজয়ী হ’ব বুলি উল্লেখ কৰে।সভাখনত জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন উপস্থিত থাকে।