Daily Time Axom

ইণ্ডোনেছিয়াৰ উপকূলত নাও ডুবি ৫০ জন ৰোহিংগীয়াৰ মৃত্যুৰ আশংকা

0 40

ইণ্ডোনেছিয়াৰ আচে প্ৰদেশৰ উপকূলত এখন নাও ডুবি ৫০ জন ৰোহিংগীয়া শৰণাৰ্থীৰ মৃত্যুৰ আশংকা কৰা হৈছে। নাওখনত প্ৰায় ১৫০ জন যাত্ৰী আছিল। বুধবাৰে পুৱা আচে প্ৰদেশৰ পশ্চিম উপকূলৰ কুৱালা বুবন বিলৰ পৰা প্ৰায় ১৯ কিলোমিটাৰ দূৰত্বত ৰুক্ষ সাগৰত এই নাওখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সন্দেহ কৰা হৈছে।
মাছমৰীয়াই নাওখনৰ পৰা চাৰিগৰাকী মহিলা আৰু দুজন পুৰুষসহ ৬ জন লোকক উদ্ধাৰ কৰি আশ্ৰয় শিবিৰলৈ লৈ যায়। তালৈ গৈ ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা ইউএনএইচচিআৰৰ প্ৰতিনিধি ফৈছাল ৰহমানৰ সৈতে কথা পাতে।
তেওঁ লগতে কয়, “আমি হতাহতৰ সঠিক সংখ্যা নিশ্চিত কৰিব পৰা নাই। কিন্তু উদ্ধাৰ কৰা ছয়জন লোকে কয় যে বহুতৰে মৃত্যু হৈছে এই দুৰ্ঘটনাত।তেওঁলোকৰ অনুমান অনুসৰি নাওখন ডুবি প্ৰায় ৫০ জন লোকৰ মৃত্যু হৈছে।”
মৃত্যুৰ আশংকা কৰা অধিকাংশই সাঁতুৰিব নোৱাৰা মহিলা আৰু শিশু। তেওঁলোকক সোঁতে উটুৱাই লৈ যায় সাগৰৰ গভীৰতালৈ। কি কাৰণত নাওখন ডুব গ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Leave A Reply

Your email address will not be published.