সমাগত লোকসভা নিব্বাচনত প্ৰ্তিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ চলাইছে।
সমান্তৰালভাৱে ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। মীৰা বৰঠাকুৰ গোস্বামীয়ে নিজ বাসগৃহত আজি গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো সমষ্টিৰ প্ৰতিটো মণ্ডল কংগ্ৰেছৰ বিষয় ববীয়াক লৈ এখনি নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। বিজেপিৰ ভ্ৰষ্টাচাৰী শাসনক এইবাৰ ওফৰাবলৈ বিভিন্ন দল সংগঠনে কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে কংগ্ৰেছক সবল নেতৃত্ব দিয়া মীৰা বৰঠাকুৰক মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছে সংগ দিয়ে।
সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ সভাপতি নৱজ্যোতি তালুকদাৰ, মিডিয়া মুখপাত্ৰ গোপাল শৰ্মা, জিলা উপ সভাপতি ৰমেন শৰ্মা,অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সম্পাদিকা মইনাজান বেগম, ৰীতা সিনহা, জিলা মহিলা সভানেত্ৰী অনামিকা স্বৰগিয়াৰী, জিলা সম্পাদক ৰঞ্জন ডেকা, ছাহজাহান আলী, জিলা উপ-সভাপতি আখেৰ আলী ভূঞা, জালুকবাৰী সমষ্টিৰ ব্লক সভানেত্ৰী ৰশ্মি দাস সমন্বিতে মণ্ডলৰ সভাপতি সম্পাদক সকল উপস্থিত থাকে।