Daily Time Axom

সৰভোগৰ পম্পী ডান্স একাডেমিৰ উদ্যোগত ৬ দিনীয়া বিহুনাচ আৰু বিহু ঢোলৰ কৰ্মশালাৰ সফল সামৰণি

0 43

ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন,ঢোল-পেঁপাৰ মাতত ৰজনজনাই উঠিছে চৌদিশ,ৰাজ্যৰ চৌদিশে বিহুৰ প্ৰস্তুতি,ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ সৰভোগতো অনুষ্ঠিত হৈছে বিহুনাচ আৰু বিহু ঢোলৰ কৰ্মশালা,বৰপেটা জিলাৰ সৰভোগৰ পম্পী ডান্স একাডেমিৰ উদ্যোগত ১৮ মাৰ্চৰ পৰা ২৩ মাৰ্চলৈ শংকৰদেৱ শিশু নিকেতনত ৬ দিনীয়াকৈ বিহুনাচ আৰু বিহু ঢোলৰ কৰ্মশালা অনুষ্ঠিত হৈছিল,আজি কৰ্মশালাটোৰ সামৰণি পৰে,কৰ্মশালাটোত প্ৰশিক্ষণ লোৱা প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক এখনকৈ মানপত্ৰ প্ৰদান কৰে৷এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিহুৱা ৰিতুপণ কাছাৰী আৰু বৰ বিহুৱা নুৰ আলী,প্ৰশিক্ষক আৰু প্ৰশিক্ষিকা সকল ক্ৰমে-বৰ বিহুৱতী জিন্তি কলিতা,মেজাংকৰি বিহুৱতী,অসম শ্ৰেষ্ঠ বিহুৱতী তথা দ্বিতীয় শ্ৰেষ্ঠ নামনি বিহুৱতী ধনিষ্ঠা ডেকা,বৰ বিহুৱতী জিলমিল ডেকা,উদ্যোগতা ধঞ্জিতা দাস,উদ্যোগতা বৰষাৰাণী বেজবৰুৱা,শ্ৰেষ্ঠ ঢুলীয়া নামনি বিহুৱতী-২১ যুগল জ্যোতি বৰুৱা,বিহু ঢুলীয়া কংকন নাথ আৰু বিহু ঢুলীয়া জিন্তু দাস উপস্থিত আছে৷

Leave A Reply

Your email address will not be published.