Daily Time Axom

জুডিথ কংগোৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী

0 50

মধ্য আফ্ৰিকান ৰিপাব্লিক অৱ কংগোৰ ৰাষ্ট্ৰপতি ফেলিক্স ছিচেকেডিয়ে দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে। সোমবাৰে তেওঁ পৰিকল্পনা মন্ত্ৰী জুডিথ চুমিনৱাক কংগোৰ প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা কৰে। বিদায়ী প্ৰধানমন্ত্ৰী জিন মিচেল ছামা লুকোণ্ডেৰ পৰা দায়িত্ব ল’লে অৰ্থনীতিবিদ জুডিথ চুমিনৱাই। জানুৱাৰী মাহত দ্বিতীয়বাৰৰ বাবে কংগোৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল ফেলিক্স ছিচেকেডিয়ে। তাৰ পিছত তেওঁ ৰাষ্ট্ৰীয় বিধানসভাত বৃহৎ মিত্ৰজোঁট গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী নিযুক্তি আৰু চৰকাৰ গঠনৰ ক্ষেত্ৰত এয়া আছিল এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

Leave A Reply

Your email address will not be published.