Daily Time Axom

দৰঙৰ ধূলাত বলপূৰ্বক ভাবে ভূমি বেদশল কৰাৰ অভিযোগ

0 36

বলপূৰ্বক ভাবে গৃহ নিৰ্মাণ ।

ধূলা আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ ।

দৰঙৰ পূৱ মঙ্গলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত বালাবাৰী গাঁওৰ মৃত ছোৱান আলিৰ পৰা প্ৰায় ২০ বছৰ পূৰ্বে আহিলা বেগমে ছোৱান আলীৰ পৰা ৪৬ নং পট্টাৰ মুঠ ১ বিঘা মাটি ক্ৰয় কৰিছিল আৰু সামাজিক ভাৱে বহি এক দলিল স্বাক্ষৰিত কৰা হৈছিল। অভিযোগকাৰীৰ অভিযোগ অনুসৰি বিক্ৰী কৰা ভূমি অবৈধ ভাৱে ফুলবাবু নামৰ ভূ-মাফিয়াই ২০ বছৰ পিছত বেদখল কৰা ভূমি ভুক্তভোগী আহিলা বেগম ঘৰত নথকাৰ সুযোগ লৈ ৬ তাৰিখে ৰাতি আনুমানিক ৩ মান বজাত ফুলবাবু নামৰ ভূ-মাফিয়াই গৃহ নিৰ্মাণ কৰে আৰু ভুক্তভোগী আহিলা বেগমে খবৰ পাই ঘটনা স্থলীত উপস্থিত হৈ ফুলবাবুক সোধা পোচ কৰিবলৈ যোৱাত ভুক্তভোগী মহিলাৰ লগত ফুলবাবু আৰু তেওঁৰ পৰিয়ালে কাজিয়াত লিপ্ত হয়। কাজিয়াৰ পিছত আহিলা বেগমে ধূলা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে যদিও ভূ মাফিয়া ফুলবাবুয়ে ধূলা আৰক্ষীক অমান্য কৰি গৃহ নিৰ্মাণৰ কাম চলাই গৈছে । সেয়ে ভুক্তভোগী আহিলা বেগমে উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপে আৰু সংবাদমাধ্যৰ জৰিয়তে দৰঙ জিলা প্ৰশাসন আৰু অসমৰ মুখ্যমন্ত্ৰীৰ চোকা দৃষ্টিৰে ভূ-মাফিয়াৰ দপ দপনি বন্ধ কৰিবলৈ অনুৰোধ জনায় ।

Leave A Reply

Your email address will not be published.