মৈৰাবাৰীত নগাঁও লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা
চাচা মামাক একেলগে ব্ৰহ্মপুত্ৰত নদীত উটুৱাই দিয়াৰ আহ্বান অখিল গগৈৰ।
নগাঁৱৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই আলফাত থকাৰ সময়ত বহু মানুহক হত্যা কৰিছিল।ব্যৱসায়ী সকলক হাৰাশাস্তি কৰিছিল সেয়ে নগাঁৱৰ মানুহে সুৰেশ বৰাক ভোট নিদিয়ে।
সুৰেশ বৰাই বন্দুক চলাব পাৰে ৰাইজৰ আস্থা কেতিয়াও নাপায়।
চাচা মৌলানা বদৰুদ্দিন আজমলৰ পিঠি মামা হিমন্ত বিশ্ব শৰ্মাই খজুৱাই দিয়ে।
বিজেপি হ’ল হিন্দু সাম্প্ৰদায়িক দল আৰু AIUDF হ’ল মুছলমান সাম্প্ৰদায়িক দল।
বিজেপিয়ে ভুৱা অৰুণোদয় ফর্ম বিলাই আছে ৰাইজৰ মাজত।
মৈৰাবাৰীৰ মথাউৰী নিৰ্মান কৰি পীযুষ হাজৰিকাই মিঞাৰ ভোট বিচাৰিছে, চৰকাৰী আঁচনিত দিয়া ধন পীযুষ হাজৰিকাৰ বাপেকৰ নে মুখ্যমন্ত্ৰীৰ বাপেকৰ বুলি প্ৰশ্ন অখিল গগৈৰ।
সভাখনত পাঁচ হেজাৰৰো অধিক লোক উপস্থিত থাকে।