ভাৰত-ভূটান সীমান্তৰ দৰঙ্গামেলাত আবকাৰী বিভাগৰ অভিযান। অভিযানত সুৰাসহ এজন লোক আটক কৰিবলৈ সক্ষম ৷ তামুলপুৰ আৱকাৰী বিভাগে অবৈধ ভূটানী সুৰা বিৰুদ্ধে ধাৰাবাহিক ভাৱে অভিযান চলাই থকাৰ মাজতে একাংশ অসাধু লোকে অব্যাহত ৰাখিছে ভুটানী সুৰাৰ সৰবৰাহ ৰমৰমীয়া ব্যৱসায় ৷ ভাৰত ভূটান সীমান্তৰ দৰঙ্গামেলাত তামুলপুৰৰ আৱকাৰী ভাৰপ্ৰাপ্ত বিষয়া বাবুল বৈশ্য আৰু ৬৪ নং এছ এছ বিয়ে এক গোপন সূত্ৰৰ পম খেদি ১৫ কাৰ্টুন ভূটানী সুৰা ভৰ্তি এ এছ ০৬ এফ ০২৭৪ নম্বৰৰ চাৰিচকীয়া বাহন এখন জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে চাৰিচকীয়া বাহন খনৰে ভূটানৰ পৰা কুমাৰীকাটালৈ আনি থকা অৱস্থাতে আবকাৰী বিভাগ আৰু এছ এছ বিৰ লোকে সুৰাসহ বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। পিছত আৱকাৰী বিভাগে জব্দকৃত সুৰা সহ বাহনখন আৱকাৰী বিভাগৰ কাৰ্যালয়লৈ আনে। ইপিনে আবকাৰী আৰু এছ এছ বিৰ লোকে এগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোকজনৰ নাম তুফান আৰ্য (৩০)।