মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ৰ উদ্যোগত দিন জোৰা কাৰ্য্যসূচীৰে মৈৰাবাৰী পাব্লিক লাইব্ৰেৰীত বিশ্ব নাৰ্চ দিৱস পালন কৰা হয়
১৮২০ চনৰ আজিৰ দিনটোত আধুনিক নাৰ্চিঙৰ প্ৰতিষ্ঠাপক ফ্লৰেন্স নাইটিংগেলক উৎসৰ্গিত কৰি পালন কৰা হয় আন্তৰ্জাতিক নাৰ্চ দিৱসৰ। যিহেতু ফ্লৰেন্স নাইটিংগেলৰ জন্ম ১২ মে’ত হৈছিল, সেয়েহে এই দিনটোক নাৰ্চ দিৱস হিচাপে উদযাপন কৰা হয়। ফ্লৰেন্স নাইটিংগেলে নবেল নাৰ্চিং সেৱা আৰম্ভ কৰিছিল।মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসক সঞ্জয় পাতৰৰ সঞ্চালনত অনুষ্ঠিত হোৱা সভাখনৰ আৰম্ভনিতে ফ্লৰেন্স নাইটিংগেলৰ ফটোত বন্তি প্ৰজলন কৰা হয়। গ্ৰাম্য চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসক সঞ্জয় পাতৰে কেক কাটি নাৰ্চ সকলৰ মাজত এক ব্যতি কৰ্মী অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত উপস্থিত থাকা মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ৰ অধীনত থকা সকলো নাৰ্চ সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানত নাৰ্চ সকলৰ মাজত ভিন্ন ধৰনৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।অনুষ্ঠানত মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ অশ্ৰাফুল ইছলামৰ লগতে কেইবাজনো চিকিৎসক উপস্থিত থাকে।আজি আন্তৰ্জাতিক নাৰ্চ দিৱস এক ব্যতিক্ৰমী অনুষ্ঠান আয়োজন কৰাৰ বাবে নাৰ্চ সকলে মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ৰ কৰ্তৃপক্ষ ক ধন্যবাদ জনায়।