Daily Time Axom

ৰাইছৰ হেলিকপ্টাৰ দুৰ্ঘটনাত কোনো ধৰণৰ অপৰাধমূলক কাৰ্যকলাপৰ কোনো প্ৰমাণ পোৱা নগ’ল

0 35

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰাৰম্ভিক তদন্তৰ ফলাফল প্ৰকাশ কৰিছে সেনাবাহিনীয়ে। তদন্তকাৰীয়ে এতিয়ালৈকে এই কাণ্ডত অপৰাধমূলক কাৰ্যকলাপৰ কোনো প্ৰমাণ পোৱা নাই।
প্ৰয়াত ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি আৰু আন সাতজন লোকৰ মৃত্যু হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ সামৰিক তদন্তকাৰীয়ে এতিয়ালৈকে অপৰাধমূলক কাৰ্যকলাপৰ কোনো প্ৰমাণ পোৱা নাই বুলি চৰকাৰী সংবাদ মাধ্যম ইৰনাই প্ৰকাশ কৰিছে। ওখ পাহাৰীয়া অঞ্চলত খুন্দা মৰাৰ ফলত হেলিকপ্টাৰখনত অগ্নিকাণ্ড সংঘটিত হয়। কপ্টাৰখনৰ ধ্বংসাৱশেষত কোনো ধৰণৰ গুলীৰ ফুটা বা চিন পোৱা নগ’ল। যোৱা দেওবাৰে (১৯ মে’) দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে ৰাইছিৰ হেলিকপ্টাৰখনে পূৰ্ব পৰিকল্পিত পথত উৰি আছিল আৰু গতিপথ সলনি কৰা নাছিল। ৱাচ টাৱাৰ আৰু বিমানৰ ক্ৰুৰ মাজত হোৱা যোগাযোগত কোনো সন্দেহজনক কথা প্ৰকাশ পোৱা নাছিল।
যোৱা বৃহস্পতিবাৰে নিশা ৰাজ্যিক টেলিভিছনত সম্প্ৰচাৰিত সশস্ত্ৰ বাহিনীৰ জোৱানৰ এক বিবৃতি অনুসৰি ৰাষ্ট্ৰপতিগৰাকীক কঢ়িয়াই অনা হেলিকপ্টাৰ আৰু লগত থকা হেলিকপ্টাৰ দুখনৰ মাজত চূড়ান্ত সংস্পৰ্শ দুৰ্ঘটনাৰ প্ৰায় ডেৰ মিনিট পূৰ্বে ৰেকৰ্ড কৰা হৈছিল।

Leave A Reply

Your email address will not be published.