Daily Time Axom

অগপ নেতৃত্বই প্ৰকাশ কৰা নিৰ্বাচনী প্ৰতিবেদনক লৈ টীয়ক অগপ বিজেপিৰ প্ৰতিক্ৰিয়া

0 34

অগপৰ বিধায়ক তথা জ্যেষ্ঠ নেতা প্ৰদীপ হাজৰিকা আৰু ভবেন ভড়ালীয়ে হৈ যোৱা লোকসভা নিৰ্বাচনৰ যি প্ৰতিবেদন ইতিমধ্যে প্ৰকাশ পাইছে সেই প্ৰতিবেদনে জোকাৰণি তুলিছে টীয়কৰ বিজেপি,অগপৰ কৰ্মী সকলৰ মাজত।টীয়কৰ অগপ নেতা কৰ্মীৰ ভাষ্য নোলোৱাকৈ দুই অগপ নেতাই প্ৰস্তুত কৰা এই প্ৰতিবেদন তথ্য সম্বলিত নহয় বুলি সদৰি কৰিছে অগপৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰশান্ত বৰাই।উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বতে যোৰহাটত হোৱা অগপৰ পৰ্যালোচনা সভাত অগপ বিজেপি সমন্বয়ত সুচাৰু ৰূপে নিৰ্বাচন অনুষ্ঠিত হোৱা বুলি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। উক্ত সভাত অগপৰ সভাপতি অতুল বৰা উপস্হিত আছিল। তেনে স্থলত কৰ্মীসকলে গম নোপোৱাকৈয়ে কিদৰে প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে বা কিহৰ ভিত্তিত ৰাজহুৱা কৰা হৈছে সেয়া টীয়ক অগপৰ জ্ঞাত নহয় বুলি স্পষ্টকৈ মন্তব্য কৰি অগপ কৰ্মীয়ে।ইপিনে এই প্ৰতিবেদনক লৈ ক্ষোভিত বিজেপিৰ নেতাকর্মী। যি সময়ত অগপ বিজেপিয়ে মিত্ৰতাৰ ভিত্তিত অতি সুন্দৰভাৱে নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিলে তাৰ পাছত একাংশ অগপৰ নেতৃত্বই কিহৰ ভিত্তিত এনেবোৰ সমীক্ষা প্ৰকাশ কৰিছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে টীয়ক বিজেপি নেতৃত্বই।

Leave A Reply

Your email address will not be published.