Daily Time Axom

মৈৰাবাৰী প্ৰেছ ক্লাৱৰ চাৰি গৰাকী সাংবাদিকলৈ ২০২৪ বৰ্ষৰ “জাগ্ৰত প্ৰহৰী বঁটা” আৰু “সাহিত্য সৌৰভ” বঁটা প্ৰদান

0 39

মৈৰাবাৰী সামাজিক সেৱা ছ’চাইটিৰ উদ্যোগত, ষ্টুডেন্ট কেডেট কৰ্পছ SCC অসমৰ তত্ত্বাৱধানত আজি মৈৰাবাৰীত এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

মৈৰাবাৰী ফ্রেণ্ডজ গ্রুপ ছ’চাইটি,বহুমুখী সেউজ বিপ্লৱী মঞ্চ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠাৰ সহযোগত আয়োজন হোৱা সম্বৰ্ধনা অনুষ্ঠানটোত-সামাজিক, শৈক্ষিক, সংবাদ জগত, কৃষি জগত, আদৰ্শ ব্যৱসায়ী,প্ৰশাসনিক,আদি জগতত সেৱা আগবঢ়াই অহা বিশিষ্ট ব্যক্তি সকলক সামৰি অঞ্চলটোৰ ৪৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

আনহাতে মৈৰাবাৰী প্ৰেছ ক্লাৱৰ চাৰি গৰাকী সাংবাদিক ক্ৰমে- প্ৰাক্তন সভাপতি ছামছুল আলম, বৰ্তমানৰ কাৰ্যকৰী সভাপতি বদৰুজ জামান আকতাৰক জাগ্ৰত প্ৰহৰী বঁটা তথা ,প্ৰেছ ক্লাৱৰ উপদেষ্টা বাহাৰুল উলুম চৌধুৰী,সদস্য খাইৰুল ইছলামক “সাহিত্য সৌৰভ” বঁটা প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জনোৱা হয়।

আজিৰ সম্বৰ্ধনা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, জিলা শিক্ষা বিষয়াকে আদি কৰি অন্যান্য উচ্চস্তৰীয় বিষয়ববীয়াসকল।

Leave A Reply

Your email address will not be published.