Daily Time Axom

চাপৰ আৰক্ষীৰ পূৰ্ণ সহযোগিতাত বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

0 30

ৰাজ্যত বান পৰিস্থিতিত সামান্য উন্নত হ’বলৈ ধৰিছে যদিও আজিও জলমগ্ন হৈ আছে চাপৰৰ বিভিন্ন অঞ্চল। বানত ককবকাই আছে বন্যাৰ্ত, দুখ দুৰ্দশা কমা নাই বন্যাৰ্তৰ। দিনেক দিনে বৃদ্ধি পাবলৈ ধৰিছে বানপীড়িত লোকৰ সমস্যা। এফালে বানপানীয়ে মৰাপাটৰ লগতে শাক-পাচলিৰ খেতি ধ্বংস কৰিছে আনফালে উটুৱাই নিচে একাংশৰ সপোনৰ ঘৰখন। ভূতৰ ওপৰত দানহ পৰাদি “গৰাখহনীয়া”। তেনে পৰিস্থিতিত বন্যাৰ্তৰ কাষত থিয় দিছে চাপৰ’ৰ এদল শিক্ষাৰ্থী। খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ কৰিব লগা বন্যাৰ্তক Social Soldiers নমেৰে পৰিচিত হোৱা চাপৰৰ এইসকল শিক্ষাৰ্থীয়ে চলাই গৈছে Ambitious Social Foundation নামৰ এটি NGO. উক্ত NGO ৰ উদ্যোগত ৰাইজৰ লগতে চাপৰ আৰক্ষীৰ পূৰ্ণ সহায় সহযোগিতা লৈ বন্যাৰ্তৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী। চাপৰ’ৰ বিভিন্ন বানপীড়িত অঞ্চল লৈ যন্ত্ৰচালিত নাওঁৰে গৈ চাউল,দালি,মিঠাতেল,চয়াবিন,বিস্কুট, বিশুদ্ধ খোৱা পানীকে ধৰি এটাকৈ পৰিয়ালক ৯ বিধ খাদ্য সামগ্ৰী বিতৰণ কৰে। প্ৰায় দুশ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে বুলি জানিবলৈ দিয়ে শিক্ষাৰ্থীসকলে। মানুহে মানুহৰ বাবে ইয়াকে মূল মন্ত্ৰ হিচাপে লৈ আগুৱাই গৈছে চাপৰৰ এই সকল শিক্ষাৰ্থী। সমাজৰ প্ৰতি এওঁলোকৰ এনে দায়বদ্ধতা আৰু সচেতনতাক ভূয়সী প্ৰশংসা কৰিছে সচেতন মহলে।

Leave A Reply

Your email address will not be published.