Daily Time Axom

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান প্ৰেৰণা মণ্ডল সংগঠনৰ প্ৰশংসা পত্ৰ বিতৰণ

0 96

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তগত কপিলী ব্লকৰ প্ৰেৰণা মণ্ডল সংগঠনৰ তৰফৰ পৰা কেইবাগৰাকীও উদ্দমী মহিলাক প্ৰশংসাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়, এই বটা প্ৰদান অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে সভাত সভাপতিত্ব কৰে বাৰপূজীয়া পঞ্চায়তৰ প্ৰাক্তন সভাপতি নিৰ্মল চন্দ্ৰ দাস দেৱে, লাখপতি বাইদেউ সকলক উদ্দেশ্যি সাৰুৱা ভাষন প্ৰদান কৰে জৰাবাৰী এছ. এইছ. পি হাইস্কুলৰ অৱসৰ প্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক ও জৰাবাৰী শংকৰদেৱ বিদ্যা নিকেতনৰ বিষয় শিক্ষক ৰাজেন্দ্ৰ কুমাৰ দাসে । এই সভাত এশৰো অধিক লাখপতি বাইদেউ উপস্থিত থাকি প্ৰশংসাৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰিলে । সভাত টাইমছ গুৱাহাটীৰ মুখ্য সম্পাদক পুলক নাথ উপস্থিত থাকি চৰকাৰে দিয়া ঋণৰ সন্দৰ্ভত কেইবাটাও সুৰক্ষা মূলক বাৰ্তা আগবঢ়ায় । অসম চৰকাৰে অনুমোদিত কৰা এই অভিযানে দুখীয়া-দৰিদ্ৰসকলক সুচলভাবে আত্ম-সংস্থাপিত নতুবা নিপুণ হিচাপে মজুৰীভিত্তিক সংস্থাপনৰ সুবিধা প্রদান কৰি সেই দৰিদ্ৰসকলৰ জীৱন ধাৰণৰ মান বহনক্ষম ব্যৱস্থাৰে সক্ষম কৰাৰ লগতে তৃণমূল পৰ্য্যায়ত দৰিদ্ৰসকলৰ মাজত শক্তিশালী এক প্রতিষ্ঠান গঢ়ি তুলিব পাৰিছে বুলি দৃঢ় বিশ্বাস কপিলী ব্লকৰ প্ৰেৰণা মণ্ডল সংগঠনটোৰ উদ্দমী মহিলাসকলৰ।

Leave A Reply

Your email address will not be published.