Daily Time Axom

কনকলতা মহলা সংগঠনৰ উদ্যোগত মাদক দ্ৰব্য আৰু বাল্য বিবাহ আৰু নাৰী নিৰ্যাতন বিৰোধী সজাগতা সভা সম্পন্ন

0 58

শিৱসাগৰ জিলা অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান কনকলতা মহিলা সংগঠনৰ উদ্যোগত আৰু আটছা চেলেংহাট উপ শাখা তথা ডালিম চাহ বাগিছা সংঘৰ সহযোগত বাল্য বিবাহ, নাৰী নিৰ্যাতন, শিশু শ্ৰমিক আৰু মাদক দ্ৰব্য নিবাৰণৰ উদ্দেশ্যে এক সজাগতা সভা ডালিম চাহ বাগিছাত অনুষ্ঠিত হয় | সভাত কনকলতা মহিলা সংগঠনৰ সভানেত্রী পিংকী দত্তই ৰাইজৰ আগত সমাজত ঘটি থকা বাল্য বিবাহ আৰু নাৰী নিৰ্যাতন সম্পৰ্কীয় ঘটনাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত ৰাইজক নিজে সজাগ হ’বৰ বাবে আহ্বান জনায় | তদুপৰি মাদক দ্ৰব্যৰ পৰা আঁতৰি নিজে কিদৰে সুস্থ জীৱনৰ গৰাকী হ’ব পাৰি তাৰো ব্যাখ্যা দাঙি ধৰে | আটছাৰ টিয়ক শাখাৰ সভাপতি দীনেশ চাহুৱে আঁতধৰা এই সজাগতা সভাত কনকলতা মহিলা সংগঠনৰ হৈ সম্পাদিকা ৰীণা দাস ভৰালী, সদস্যা বন্তি ভৰালী, জোনমণি ডেকা অতিথি হিচাপে উপস্থিত থাকে |
উল্লেখ্য যে বাল্য বিবাহ, নাৰী নিৰ্যাতন, শিশু শ্ৰমিক, মাদক দ্ৰব্যৰ ব্যৱহাৰে সমাজৰ ব্যাধি সমূহৰ ওপৰত সজাগতাৰ সৃষ্টি কৰি কনকলতা মহিলা সংগঠনে ইতিমধ্যেই ৰাইজৰ মাজত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে |

Leave A Reply

Your email address will not be published.