Daily Time Axom

কামৰূপ জিলা উকিল সন্থাৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

গীত - নৃত্যৰ জীপাল এখন আদালতৰ চৌহদ। ক'লা কোটৰ আঁৰত সাংস্কৃতিক প্ৰতিভাৰ আকৰ। অধিবক্তা সকলে কেৱল কেৱল ন্যায়িক কাম-কাজৰ মাজতে ব্যস্ত নাথাকি চৰ্চা অব্যাহত ৰাখিছে সাহিত্য-সংস্কৃতিক ধাৰা। কামৰূপ জিলা সত্ৰ ন্যায়ধিশৰ আদালতত দুপৰ নিশালৈ চলিল…

৫৭৪ ইজৰাইলী সৈনিক নিহত, ৩৫০০ আহত

এইবাৰ ইজৰাইল সেনাই হতাহতিৰ আপডেট তথ্য দিলে। দেশখনে প্ৰদান কৰা তথ্য অনুসৰি যোৱা বছৰৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ পিছত দেশখনৰ ৫৭৪ জন জোৱান নিহত হৈছে। সোমবাৰে প্ৰকাশ পোৱা এই তথ্য অনুসৰি গাজাত স্থল অভিযানত এতিয়ালৈকে ২৩৬ জন ইজৰাইলী…

বাফটাৰ মঞ্চত শাৰী পিন্ধি আবেদন বিয়পাই দিলে দীপিকাই

দেওবাৰে লণ্ডনৰ ৰয়েল ফেষ্টিভেল হলত ৰেড কাৰ্পেটত খোজ কঢ়াৰ পূৰ্বে দীপিকা পাডুকনে ইনষ্টাগ্ৰাম ষ্ট’ৰীছত দুখন নতুন ছবি পোষ্ট কৰে। তাই পিন্ধিছিল স্পাৰ্কলিং শাৰী আৰু মেচিং বেকলেছ ব্লাউজ। শাৰী বা যিকোনো জনগোষ্ঠীয় পৰিধানৰ বাবে বলীউডৰ সকলোৱে…

মিয়ানৱালীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব ইমৰাণ খান

পাকিস্তান তেহৰিক-ই-ইনছাফৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে মিয়ানৱালীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব। সোমবাৰে পাকিস্তানী সংবাদ মাধ্যমৰ আগত এই কথা কয় পিটিআইৰ চিনেটৰ ফৈছাল জাভেদে। ফৈছাল জাভেদে কয় যে দলৰ মুৰব্বী ইমৰাণ খানে…

ৰূপাহীহাটৰ লাওখোৱা সংহত শিশু উন্নয়ন প্ৰকল্পত অঙ্গনবাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ

চৰকাৰে দিয়া প্ৰতিশ্ৰুতিমতে কৰ্মী সহায়িকাৰ মাননী বৃদ্ধি কৰা, অৱসৰ প্ৰাপ্ত কৰ্মী সহায়িকাৰ এক কালীন সাহায্য ধন ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়া। গ্ৰেছুয়েটি আদায় দিয়া,কৰ্মী -সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰাৰ লগতে উপযুক্ত…

মুকালমুৱাত অংগনবাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ

ব্যতিক্ৰমী ৰূপত গীত গাই প্ৰতিবাদ সাব্যস্ত কৰিলে‌ অংগনবাড়ী কৰ্মী সহায়িকাই । অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী- সহায়িকাই জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনায় যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হয় অংগনবাড়ী কৰ্মী-সহায়িকা সকলৰ প্ৰতিবাদী কাৰ্যসূচী। ১৫…

কলেষ্টেৰল বৃদ্ধি ? ৫টা লক্ষণ চাই চিনি পাব পাৰি

তেজৰ কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হোৱা শুনিলে বেছিভাগ মানুহেই চিন্তা কৰে! কলেষ্টেৰল বাঢ়িলে হৃদৰোগৰ সম্ভাৱনাও বাঢ়ে! অনিয়ন্ত্ৰিত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসে তেজত বেয়া কলেষ্টেৰলৰ মাত্ৰা অহৰহ বৃদ্ধি কৰে। দীৰ্ঘদিন ধৰি তেজত ওপঙি থকা…

বয়সৰ লগে লগে উচ্চতা কমি যায়!

বয়সৰ লগে লগে হাড়ৰ অৱনতি ঘটে। বেছিভাগ মানুহক আক্ৰমণ কৰা হাড়ৰ অন্যতম ৰোগ হ’ল অষ্টিঅ’পৰ’ছিছ। বিশেষজ্ঞসকলে কয় যে যদিও প্ৰথম অৱস্থাত বিশেষ লক্ষণ দেখা নাযায়, বয়স বৃদ্ধিৰ লগে লগে এই ৰোগত কঁকালৰ তীব্ৰ বিষ আৰম্ভ হয়। আনকি, শৰীৰৰ উচ্চতাও হ্ৰাস…

বটলেৰে টাইম বোমা বনোৱাৰ অভিযোগত গ্ৰেপ্তাৰ ২

বটল ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে বোমা। এই অভিযোগ লাভ কৰাৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে জাভেদ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। তদন্তৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় মুজাফ্ফৰনগৰৰ ইমৰানা। অভিযোগ অনুসৰি ইমৰানেই জাভেদক কাঁচৰ বটল ব্যৱহাৰ…

পাপুয়া নিউগিনিত বংশ সংঘৰ্ষত ৬৪ জন নিহত

পাপুয়া নিউগিনিৰ দুৰ্গম হাইলেণ্ডত জনজাতীয় সংঘৰ্ষত কমেও ৬৪ জন লোকৰ মৃত্যু হৈছে। সপ্তাহৰ শেষৰ ফালে এংগা প্ৰদেশত জনজাতীয় বিবাদৰ ফলত এই হত্যাকাণ্ড সংঘটিত হৈছে। ৰাজধানী প’ৰ্ট ম’ৰেছবিৰ পৰা প্ৰায় ছশ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত ৱাবাগ চহৰৰ…