Daily Time Axom

চাপৰত পুনৰ সক্ৰিয় হৈছে গো-সৰবৰাহকাৰী চক্ৰ।

নিশাৰ আন্ধাৰত ব্ৰহ্মপুত্ৰ নদী দি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ লৈ গো-ধন সৰবৰাহ অব্যাহত ৰাখিছে গো-মাফিয়াই। বাংলাদেশলৈ গৰু সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে শালকোচা আৰক্ষীয়ে চলায় অভিযান। অভিযানত চাপৰৰ চান্দৰডিঙা ব্ৰহ্মপুত্ৰ ঘাটৰ পৰা খেদি খেদি জব্দ কৰে…

ছালত ৰোগ প্ৰতিৰোধ কেনেকৈ কৰিব

প্ৰকৃতিৰ পৰিৱৰ্তনৰ বতাহ আৰু ঋতুৰ ছলনাময়ীতাই আমাৰ ছালত প্ৰভাৱ পেলায়। ইয়াৰ বাহিৰেও দৈনন্দিন ব্যস্ততা, অনিয়মিত যত্ন, এইবোৰ আছেই! কিন্তু কেতিয়াবা অলপ যত্ন ল’লে বহু সমস্যা সমাধান হয়। আৰ্দ্ৰতাৰ সৈতে মোকাবিলা কৰা শীতকাল আৰু গ্ৰীষ্মকাল;…

সাতটাকৈ মৃতদেহ মোনাত ভৰাই জুৰীয়া আৰক্ষী থানাত উপস্থিত এগৰাকী মহিলা

সাতটাকৈ মৃতদেহ লৈ জুৰীয়া আৰক্ষী থানাত এগৰাকী মহিলা। মৃতদেহ সাতটা অৱশ্যে ৰজা হাঁহৰ পোৱালিৰহে। ৰজা হাঁহৰ পোৱালি কেইটা খেতিলৈ যোৱাৰ বাবেই মৰিয়াই মৰিয়াই মাৰিলে বাইতুল ইছলামে। এই জঘন্য ঘটনা সংঘটিত হৈছে জুৰীয়াৰ কাষৰীত। পথাৰলৈ গৈ বেছি শব্দ…

মাৰ্ঘেৰিটাৰ বৰগোলাইত ৰাজ্যিক পৰ্য্যায়ৰ ফুটবল প্ৰতিযোগিতাৰ ব্যাপক প্ৰস্তুতি

অহা ২২ ফ্ৰেব্ৰুৱাৰী পৰা মাৰ্ঘেৰিটাৰ বৰগোলাইত অনুষ্ঠিত হ'বলগীয়া স্বাধীনতা যুঁজাৰু দলবীৰ সিং লোহাৰ মেমৰিয়েল ৰাজ্যিক পৰ্য্যায়ৰ ফুটবল প্ৰতিযোগিতা ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে। মাৰ্ঘেৰিটা বৰগোলাই স্থিত ৰাজিৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত…

টীয়কৰ এজাৰগুৰি গুৱালগাঁও সংযোগী পথৰ নিৰ্মাণ খৰতকীয়া তথা সুন্দৰকৈ কৰিবলৈ ৰাইজে জনালে দাবী

টীয়কৰ জাঁজী নদীৰ কাষৰ এজাৰগুৰিকে ধৰি বৃহত্তৰ অঞ্চলৰ যাতায়তৰ অন্যতম পথ গুৱালগাঁও এজাৰগুৰিৰ পথৰ নিৰ্মাণৰ কাম ইতিমধ্যে চলি আছে।উক্ত পথৰ ওপৰত নিৰ্মাণ হোৱা দলঙৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু দলঙৰ দুটা মূৰৰ কাম চলি আছে যাক লৈ ৰাইজে সন্তুষ্টি…

মৈৰাবাৰীত গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী

মৈৰাবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত মৈৰাবাৰী আৰক্ষীৰ এটা অভিযানকাৰী দলে আজি সন্ধিয়া ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত হাতে লুটে কৰায়ত্ত কৰে তিনিজনকৈ ড্ৰাগছ ব্যৱসায়ীক। ড্ৰাগছ ব্যৱসায়ী তিনিটাৰ পৰা আৰক্ষীয়ে ১৫ টা হেৰ'ইন ভৰ্তি…

আমিনগাঁৱত অঘটন, আমিনগাঁৱৰ উদ্যোগত জীৱন্তে অগ্নিদগ্ধ এজন শ্ৰমিক

আমিনগাঁৱৰ উদ্যোগত কৰ্মৰত শ্ৰমিক জন ৰামদিয়াৰ থানেশ্বৰ কলিতা । আমিনগাৱৰ "Rainbow Plast" নামৰ উদ্যোগটোত সংঘটিত হৈছে এই কৰুণ ঘটনা । উদ্যোগটোৰ শ্ৰমিকৰ শোৱনি কোঠাত জুই লগাৰ ফলত জীৱন্ত অগ্নিদগ্ধ হয় শ্ৰমিকজন । কোঠাটোত মুঠ ৮ জন শ্ৰমিক আছিল ।…

ম্যানমাৰৰ জন্টাই বাহিনীয়ে অধিক ঘাটি আৰু সৈনিকক হেৰুৱাইছে

ম্যানমাৰৰ জন্টা বাহিনীয়ে বিগত চাৰিদিনত অধিক ঘাটি আৰু সৈন্য হেৰুৱাইছে। কাচিন, ৰাখিনে আৰু মন ৰাজ্য আৰু সাগাইং আৰু বাগো অঞ্চলত এই ঘাটিবোৰ হেৰুৱাইছিল। সমগ্ৰ দেশখনতে জনপ্ৰতিৰক্ষা বাহিনী আৰু জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনৰ আক্ৰমণ অব্যাহত থকাৰ সময়তে…

ছিৰিয়াৰ ৰাজধানীত ইজৰাইলৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ কাফ্ৰ ছৌছা জিলাৰ কেইবাটাও আৱাসিক অট্টালিকাত ইজৰাইলে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। বুধবাৰে (২১ ফেব্ৰুৱাৰী) এই অঞ্চলত কেইবাটাও ইজৰাইলী ক্ষেপণাস্ত্ৰই আঘাত কৰে। ক্ষতিগ্ৰস্ত অঞ্চলটোৰ ভিতৰত আছে আৱাসিক ভৱন, বিদ্যালয়…

ঘোষণা হ’ল ২০২৪ বৰ্ষৰ আই পি এলৰ আৰম্ভণিৰ দিন

বিশ্বৰ অন্যতম প্ৰভাৱশালী ক্ৰিকেট প্ৰতিযোগিতা হৈছে আই পি এল। আই পি এল বুলি ক'লেই বিশ্বৰ ভিন্ন প্ৰান্তৰ ক্ৰিকেট অনুৰাগীৰ লগতে ভাৰতৰ অনুৰাগীসকলো আক্ৰান্ত হয় ক্ৰিকেট জ্বৰত। ক্ৰিকেট বলিয়া ভাৰতৰ অনুৰাগী। সেয়ে এতিয়াৰ পৰাই যেন আৰম্ভ হৈছে…