Daily Time Axom

মহাভাৰতৰ ”শকুনি মামা” গুচি গ’ল অজান দেশলৈ

নিউজ ডেস্ক, ৫জুনঃ মহাভাৰতৰ ''শকুনি মামা'' গুচি গ’ল অজান দেশলৈ ।চোপ্ৰাৰ টিভি শ্ব’ মহাভাৰতৰ শকুনি মামাৰ চৰিত্ৰত অভিনয় কৰা সুপৰিচিত অভিনেতা গুফী পেইন্টালৰ আৰু নাই । আজি পুৱা প্ৰায় ৯ বজাত ৭৯ বছৰ বয়সত মৃত্যু হয় প্ৰবীণ অভিনেতাজনৰ। বয়সৰ লগত

উৰিষ্যাত পুনৰ লাইনচ্যুত হ’ল এখন মালবাহী ৰে’ল

নিউজ ডেস্ক, ৫ জুনঃ উৰিষ্যাত পুনৰ ৰে'ল দুৰ্ঘটনা। বালাচোৰৰ পাছত এইবাৰ বৰগড়ত বাগৰিল মালবাহী ৰে'ল। ৰে’লখনৰ পাঁচটাকৈ ডবা লাইনচ্যুত হয়। চূণশিল কঢ়িয়াই নিয়া এখন মালবাহী ৰে’ল লাইনচ্যুত হয়। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই।

অৱশেষত আজি মুক্তি লাভ কৰিব ৰবি শৰ্মা অভিনীত অসমীয়া চলচ্চিত্ৰ “শ্ৰী ৰঘুপতি”

নিউজ ডেস্ক, ৫জুনঃ অৱশেষত আজি মুক্তি লাভ কৰিব ৰবি শৰ্মা অভিনীত অসমীয়া চলচ্চিত্ৰ "শ্ৰী ৰঘুপতি"। ছবিখনৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে গুৱাহাটী উচ্চতম ন্যায়ালয়ে। আজি দিনৰ ১১ বজাত ছবিখন মুক্তি লাভ কৰাৰ কথা আছিল যদিও আনুষ্ঠানিক পত্ৰ লাভ

আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৪ সংখ্যক আৱিৰ্ভাৱ তিথি

নিউজ ডেস্ক, ৫ জুনঃ আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৪ সংখ্যক আৱিৰ্ভাৱ তিথি। পুৱাৰে পৰা শ্ৰী শ্ৰী মাধৱদেৱৰ বন্দনা, হৰিনামেৰে মুখৰিত হ'ল ৰাজ্যৰ চৌদিশ। ব্যতিক্ৰম নহয় টীয়কতো।টীয়কৰ শ্ৰী শ্ৰী গুৰু মাধৱদেৱে নিজ হাতে স্থাপন কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰ

বিহাৰৰ খগাড়িয়াত নিৰ্মীয়মাণ অৱস্থাত খহি পৰিল ১৭০০ কোটি টকীয়া দলং

নিউজ ডেস্ক, ৫ জুনঃ বিহাৰৰ খগাড়িয়াত নিৰ্মীয়মাণ অৱস্থাত খহি পৰিল ১৭০০ কোটি টকীয়া দলং। খগাড়িয়াৰ গংগা নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখন তিনি টুকুৰা হৈ ভাগি পৰে নদীত। অৱশ্যে দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। খগড়িয়া জিলাৰ

আজি বিশ্ব পৰিৱেশ দিৱস

নিউজ ডেস্ক, ৫ জুনঃ আজি বিশ্ব পৰিৱেশ দিৱস। প্ৰতি বছৰে ৫ জুনৰ দিনা বিশ্বব্যাপী ৰাজনৈতিক কৰ্মোদ্যোগ আৰু জনসচেতনতাৰ মাধ্যমত পৰিৱেশ সচেতনতাক লক্ষ্য ৰাখি এই দিৱস পালন কৰা হয়। এই দিনটিতেই ৰাষ্ট্ৰসংঘৰ মানৱিক পৰিৱেশ কনফাৰেন্স আৰম্ভ হৈছিল। এই

শিলচৰৰ ৰামনগৰ বাইপাছৰ পেচাডহৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩জনকৈ যুৱক

নিউজ ডেস্ক, ৩ জুনঃ নিশা শিলচৰৰ ৰামনগৰ বাইপাছৰ পেচাডহৰত ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত থিতাতে নিহত ৩জনকৈ যুৱক৷ স্কুটাৰ-বাইকৰ মাজত মুখামুখি সংঘৰ্ষত এই দুৰ্ঘটনা সংঘটিত হয় ৷ মৃত যুৱককেইজন ৰোহন চৌধুৰী, চুয়েল খান, কুনাল কৰ ৷ আনহাতে দুৰ্ঘটনাত

উৰিষ্যাৰ বালাচোৰত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ ফলত ৪৮খন ৰে’লৰ যাত্ৰা বাতিল

নিউজ ডেস্ক, ৩ জুনঃ উৰিষ্যাৰ বালাচোৰত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ ফলত ৪৮খন ৰে'লৰ যাত্ৰা বাতিল কৰা হৈছে৷ আনহাতে ৩৯খন ৰে'লৰ যাত্ৰাপথ সলনি কৰা হয়৷ ইয়াৰে ভিতৰত অসমলৈ অহা দুখনকৈ ৰে’লৰ চলাচল বাতিল হৈছে। ২ জুনৰ 12509 SMVT BENGALURU- GUWAHATI

উৰিষ্যাৰ বালাচোৰৰ ৰে’ল দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৮৮জনলৈ বৃদ্ধি, আহত ৯০০ৰো অধিক যাত্ৰী

নিউজ ডেস্ক, ৩ জুনঃ উৰিষ্যাৰ বালাচোৰত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা৷ ৰে'ল দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৮৮জনলৈ বৃদ্ধি, আহত হৈছে ৯০০ৰো অধিক ৰে'লযাত্ৰী৷ আহত যাত্ৰীসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত৷ মালবাহী ৰে'লত খুন্দা চেন্নাইমুখী কৰমণ্ডল এক্সপ্ৰেছৰ৷

প্ৰতিদিনে ১০ লাখ কণী ভাৰতৰ পৰা শ্ৰীলংকালৈ যাব

আৰ্থিকভাৱে দেউলীয়া হোৱা চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাৰ খাদ্য সংকট চৰম পৰ্যায়ত আছে। দ্বীপ ৰাষ্ট্ৰখনত কণীৰ উৎপাদন ভয়ংকৰ হাৰত হ্ৰাস পাইছে। এনে পৰিস্থিতিত দেশৰ অন্যতম চুবুৰীয়া বন্ধু দেশ ভাৰতে কণী সংকট সমাধানৰ বাবে সহায়ৰ হাত আগবঢ়াইছে।