Daily Time Axom

মৰ্মান্তিক! ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ ল’লে ধেমাজিৰ শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ

নিউজ ডেস্ক, ৩ জানুৱাৰীঃ নাৰায়ণপুৰত শোকাৱহ পথ দুৰ্ঘটনা। নাৰায়ণপুৰৰ ভোগপুৰ উৰণ সেতুৰ সমীপত এই ঘটনা। ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল ধেমাজিৰ পৰা গুৱাহাটী অভিমুখী এখন বাহন। দুৰ্ঘটনাত থিতাতে মৃত্যু ধেমাজিৰ শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ

অৰুণাচলত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

নিউজ ডেস্ক, ৩ জানুৱাৰীঃ আজি অৰুণাচললৈ ৰাওনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। অৰুণাচলৰ চিয়াং জিলাত কাৰ্যসূচীত অংশ ল'ব ৰাজনাথ সিঙে। টাৱাং সীমান্তৰ উত্তেজনাৰ পাছত প্ৰথমবাৰলৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ অৰুণাচল ভ্ৰমণ। সোমবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী

মহানগৰীত ৩১ আৰু ১ জানুৱাৰিত ৮ কোটিৰো অধিক টকাৰ সুৰা বিক্ৰী

নিউজ ডেস্ক, ২ জানুৱাৰীঃ ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত কামৰূপ মহানগৰ জিলাত সুৰা বিক্ৰীৰ তথ্য প্ৰকাশ কৰিছে আবকাৰী বিভাগে৷ ৩১ ডিচেম্বৰত ৪ কোটি ৮০ লাখ টকাৰ সুৰা বিক্ৰী হোৱাৰ লগতে ১ জানুৱাৰীত ৩ কোটি ২১ লাখ টকাৰ সুৰা বিক্ৰী হয়৷ অইন বছৰবোৰৰ

মেক্সিকোত অজ্ঞাত বন্দুকধাৰীৰ ভয়াৱহ আক্ৰমণ, কাৰাগাৰত চলোৱা ধাৰাসাৰ গুলীবৰ্ষণত মৃত্যু ১৪জনৰ

নিউজ ডেস্ক, ২ জানুৱাৰীঃ নৱবৰ্ষৰ প্ৰাকক্ষণত মেক্সিকোত ভয়ংকৰ ঘটনা। মেক্সিকোৰ কাৰাগাৰত অজ্ঞাত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। টেক্সাছ সীমান্তৰ ওচৰৰ কাৰাগাৰখনত হোৱা আক্ৰমণত কমেও ১৪ জন লোক নিহত হৈছে। নিহতসকলৰ ভিতৰত দহজন

ৰাজস্থানত ভয়ংকৰ ঘটনা, পালিত যাত্ৰীবাহী ৰে’লৰ ১১টা ডবা লাইনচ্যুত

নিউজ ডেস্ক, ২ জানুৱাৰীঃ ৰাজস্থানৰ পালিত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় সূৰ্যনগৰী এক্সপ্ৰেছ ।পুৱতি নিশা দুৰ্ঘটনাত পতিত হোৱা ৰে'লখনৰ প্ৰায় ১১টা দবা লাইনচ্যুত হোৱাত আঘাতপ্ৰাপ্ত হয় কেইবাজনো যাত্ৰী । যোধপুৰলৈ ৰাওনা হৈ থকা অৱস্থাত ৰে'লখন

পুনৰ জম্মু কাশ্মীৰত হিন্দুৰ ওপৰত ভয়াৱহ আক্ৰমণ সন্ত্ৰাসবাদীৰ

নিউজ ডেস্ক, ২ জানুৱাৰীঃ পুনৰ জম্মু কাশ্মীৰত হিন্দুৰ ওপৰত ভয়াৱহ আক্ৰমণ সন্ত্ৰাসবাদীৰ। ৪জন লোকক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ। সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে ৭জনকৈ লোক৷ ৰাজৌৰীৰ আপাৰ দাংৰি গাঁৱত এই ঘটনা সংঘটিত হৈছে৷ তিনিটাকৈ বাসগৃহত

কামপুৰ বৈঠালাংছো পথত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ২জন

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ কামপুৰ বৈঠালাংছো পথত ভয়ংকৰ পথ দুৰ্ঘটনা। কচুৱাৰ বগৰিতলত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। তীব্ৰ গতিৰে নগাঁৱৰ পৰা শিঙিমাৰীলৈ আহি থকা এখন টাটা মেজিক নিয়ন্ত্ৰন হেৰুৱাই পথৰ কাষত থকা পুখুৰীত সোমাই এই দুৰ্ঘটনাটো সংঘটিত হয়।

ৰাজ্যৰ মানচিত্ৰৰ পৰা বিলুপ্ত হ’ল ৪খন জিলা, বিলুপ্ত হ’ল বজালী, বিশ্বনাথ, হোজাই আৰু…

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ বছৰৰ শেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ সিদ্ধান্ত। ৰাজ্যৰ ৪খন জিলাৰ সংখ্যা কৰ্তন কৰা হৈছে। সংবাদমেলযোগে এই ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। বিলুপ্ত হ’ব বিশ্বনাথ, বজালী, হোজাই আৰু তামুলপুৰ জিলা।

এতিয়াৰে পৰা এছিয়াৰ খেলুৱৈ হৈ পৰিল ৰোনাল্ডো, কেইবা কোটি টকাত কৰিলে চুক্তি

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ বিশ্বৰ অন্যতম ফুটবল খেলুৱৈ খ্ৰিষ্টিয়ানো ৰোনাল্ডোই যোগদান কৰিলে চৌদি আৰৱৰ ক্লাব আল নাছৰত । ২০২৫ বৰ্ষলৈ ক্লাবটিৰ সৈতে চুক্তিবদ্ধ হোৱা খ্ৰিষ্টিয়ানো ৰোনাল্ডো ইয়াৰ পূৰ্বে আছিল মানচেষ্টাৰ ইউনাইটেড নামৰ জনপ্ৰিয় ইংৰাজী

অসম নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন, এইবাৰ অসমৰ মাটিত নগাই স্থাপন কৰিলে নতুন গাঁও

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন ৷ এইবাৰ অসমৰ মাটিত নগাই স্থাপন কৰিলে নতুন গাঁও ৷ চুঙাজানৰ মাজগাঁও পঞ্চায়তৰ অন্তৰ্গত মহিমা গাঁৱত নগাই চিহৌট ভেলেজ স্থাপন কৰি নতুনকৈ সংযোজন কৰিলে ভিকিট